ভোগালীৰ ডুখৰীয়া স্মৃতি
ভোগালী নামটো
শুনিলেই মনটো ভৰি পৰে | বিহুৰ কথা আহিলেই সৰুকালৰ কিছুমান কথা মনলৈ আহে | ২৫জনমান মানুহৰ আমাৰ যৌথ পৰিয়াল | মা ঘৰৰ ডাঙৰ বোৱাৰী | মায়ে শিক্ষকতাৰ উপৰিও ঘৰৰ সকলো কামৰ দায়িত্ব লব লগা হৈছিল | বিহু আহিলেই মাহঁতে বিহুৰ
যোগাৰ কৰা মনত পৰে | চিৰাৰ বাবে চকোৱা ধান , হুৰুমৰ বাবে বৰা ধান, আখৈৰ বাবে বাচমতী ধান, আৰু কোমল চাউলৰ বাবেও বৰা ধান লাগিছিল | বিহুৰ দিনা এসাজ খাবৰ বাবে জহা চাউল লাগিছিল | জহা চাউল ৰান্ধিলে গোটেইখন মলমলাই গৈছিল | বিধে বিধে ধান উলিয়াইছিল | বিহু বুলি যে কিমান কাম | ৰ’দ টান হয় বাবে এই সময়ত উখোৱা চাউলৰ বাবেও ধান বহাইছিল | সন্ধ্যা ধান বহালে কাষত বহি জুইৰ উম লৈ বৰ ভাল লাগে |
বিহুলৈ অলপ দিন
থকাৰ পৰা চাৰিওফালে ঢেঁকীৰ মাত শুনা যায় | এতিয়া গাঁও খনত দুই তিনিটাহে ঢেঁকী বাকী আছেগৈ | চিৰা খুন্দাৰ দিনা বৰ ভাল লাগে | এফালে কেৰাহীত ধান ভাজে আনফালে ঢেঁকীত চিৰা খুন্দি যায় | দেখি যে ইমান ভাল লাগে | আমাৰো সৰু বিলাকৰ মন যায় কিন্তু মা হঁতে নিদিয়ে | তাৰপাচত হুৰুম খুন্দা, সান্দহ গুৰি খুন্দা – কিমান যে কাম | আখৈ ফুটোৱাৰ দিনা বেছি ভাল লাগে | ধানবিলাক যেতিয়া কেৰাহীত দিয়ে ফট ফটকৈ ফুটি যেনি তেনি যায় | চালনী এখনেৰে কেৰাহীখনৰ
ওপৰত ধৰি থাকিব লাগে | আখৈৰ ধানটো দীঘল বাবে আমি বেজী ধান বুলিও কৈছিলোঁ | আখৈ সকলোৰে হাতত নহৈছিল | সৰুতে আমি কোৱা শুনিছিলোঁ যাৰ মুখ চোকা , তাইৰ হাতত আখৈ বেছিকৈ ফুটে |
উৰুকাৰ দিনা
তিলপিঠা পুৰিছিল | আমাৰ মা হঁতে উৰুকাৰ দিনাহে পিঠা পুৰিছিল ৰাতি ১-২ বজালৈ | আমাৰ ঘৰত পিঠা বহুত পুৰিব লগা হৈছিল | মা, খুড়ী আৰু সৰু আইতাই তিনি ভাগে
পিঠা পুৰিছিল | পিঠা পুৰি শেষ হ’লে আমি সৰুবোৰে
হিচাপ কৰি ডাঙৰ টিনত ভৰাইছিলোঁ | এটা টিনত ২০০খন মান পিঠা জুৰিছিল | উৰুকাৰ দিনা ল’ৰাবিলাকে ভোজ খাবলৈ জেওৰা, জপনা বিলাক চুৰি কৰিছিল | মা হঁতে মাজে মাজে সেই বিলাকো চকু দিব লাগিছিল | আজি কালি আকৌ সকলো কাম ৩-৪ দিন আগতেই শেষ হয় | কিছুমানে ঘৰত পুৰে নহলে বজাৰতে সকলোবোৰ পোৱাই যায় | কোনেও কষ্ট কৰিবলৈ ইচ্ছা নকৰে | কিন্তু নিজে বনোৱাৰ আনন্দই বেলেগ | উৰুকাৰ দিনাহে এইবিলাক কাম কৰি ভাল লাগে |
আমি ডাঙৰ হোৱাৰ
পাচত সকলো ভাগ ভাগ হ’ল | মাৰ লগত আমিও বিহুৰ যা-জোগাৰত লাগিছিলোঁ | বাইদেও আৰু মোৰ বিয়াৰ পাছত মায়ে আমি যাম বুলি বিহুৰ যোগাৰ কৰিছিল | মোৰ বিয়াৰ পাছৰ
ঘটনা এটা মনত পৰিছে | আমি মিজোৰামত আছিলোঁ | সেই বছৰ আমি বিহুত ঘৰলৈ অহা নাছিলোঁ | বিহুৰ বাবে পিঠা-পনা বনাব লাগে | বৰা চাউল আছে কিন্তু
খুন্দিবলৈ খুন্দনা বা মিক্সি একোৱেই নাছিল | বিহু বিলি তিলপিঠা নহলে ভাল নালাগে | কি কৰিম ভাবি ভাবি শেষত কেইটামান চাউল তিয়াই পটাখনতে খুব সাৱধানে পিচিলোঁ | কিয়নো বতাহ লাগিলে তিলপিঠা নহয় | সৰু সৰুকৈ কেইটামান পিঠা পুৰিলোঁ আৰু বিহুৰ দিনা ওচৰৰ আটাইকেইজনকে
খাবলৈ মাতিলো | সকলোৱে খাই খুব ভাল পালে | এতিয়াও কথাটো ভাবি ভাল লাগে |
এতিয়াও ভোগালী
বিহু পালেহি যিমান ভাল লাগে কিবা এটা বেজাৰে মনতো আবৰি ধৰে | বিহুৰ দিনা মায়ে অকস্মাতে আমাক এৰি থৈ গুছি গ’ল | এওঁলোকৰ ঘৰত বিহু খাই আমাৰ ঘৰলৈ আহিলো কিন্তু মাক নাপালোঁ | মায়ে আমাৰ বাবে বাট নাচালে | এওঁ খাই ভাল পাই বাবে বিধে বিধে জলপান পিঠা আৰু লাড়ু বনালে পিছে খুৱাবলৈহে নাপালে | পাছত খুড়ীহঁতে
টেমাবিলাক চাই ক’লে, “ জোৱায়েকৰ বাবে বনাইছিল | এবছৰ পাছত ঘৰলৈ গৈছিলোঁ ; কিয় যে দুদিনমান
আগতে ঘৰলৈ নগ’লো সেই দুখে এতিয়াও মোক আমনি কৰে | এতিয়া প্ৰত্যেকটো বিহুতে ঘৰলৈ যাবলৈ চেষ্টা কৰো দেউতাৰ বাবে | আমি গ’লে দেউতাৰ ভাল লাগে | ঘৰলৈ গ’লে বৌৰ লগ লাগি
পিঠা লাড়ু বনাও | মা ঢুকোৱাৰ পাছৰ পৰা আমৰ ঘৰত আগৰ দৰে হুৰুম চিৰা আখৈ সান্দহ
বনোৱাই হোৱা নাই | ঘৰলৈ গ’লে এটা কথাই ভাল লাগে যে এতিয়াও আমাৰ গোটেই কেইঘৰে মিলি উৰুকাৰ ভোজ খাও, এদিন পিকনিকললৈও যাও | দুখৰ মাজতো আনন্দ কৰো | সুখ দুখৰ সমষ্টিয়েইটো জীৱন |
- মনীষা বড়া হালৈ
০৩/০১/২০১৩
Nice
ReplyDelete