Thursday, 18 April 2013

বহাগৰ অনুভৱ



বহাগৰ অনুভৱ

           বিহুলৈ আৰু কেইটামান দিনহে আছে | এতিয়ালৈকে কুলিৰ মাত শুনাই নাই চোন | কুলিৰ মাত শুনিলেহে বিহু পালেহি যেন লাগে | বিয়াৰ পাছৰ পৰা কুলিৰ মাতত বিহু অহাৰ আগজাননী পোৱা নাই | গছৰ কুঁহিপাত আৰু তাৰিখেহে বিহুৰ বতৰা দিয়ে |


        আজি বিহু পালেহি যে প্ৰথম অনুভৱ কৰিলোঁ | বাইদেউলৈ ফোন কৰোতে ফোনতে কুলিৰ মাত শুনিলোঁ | বাইদেউক অলপ ৰবলৈ  কৈ কুলিৰ মাত শুনি ল’লো | ইমান ধুনীয়া মাত...মনটো ভাল লাগি গ’ল | ফোনতে হ’লেও বহাগৰ বতৰা পালোঁ | সৰুতে কুলি চৰাইয়ে মাতিলে আমিও লগতে মাতিছিলোঁ কুলিজনীয়ে বেয়া পায় নেকি অলপ সময় নমতা হয় | তাৰ পাছত আকৌ মাতে | কেতেকী চৰাইজনীও একেই অভিমানী   |

           সৰুতে চ’ত সোমোৱাৰ লগে লগে কুলি কেতেকীৰ মাত আৰু লগতে ঢোলৰ মাততে বিহু বিহু লাগি গৈছিল | ঢোলৰ মাতটো আতৰৰ পৰা আহিলে ইমান ভাল লাগিছিল নাচো নাচো লাগি গৈছিল | বিহুলৈ কেইদিনমান থকাৰ পৰা সকলো বিহুৰ যা যোগাৰত লাগি গৈছিল | আগততো কাপোৰ হাতেৰে ধুইছিল | সেইবাবে ডাঙৰ কেৰাহী এখনত পানী গৰম হবলৈ দি  ধেলা চাবোন কাটি দি কাপোৰবোৰ ডুবাই দিছিল | আগত চাৰ্ফতকৈ এই চাবোনটো বেছি ব্যৱহাৰ হৈছিল | সিজাই দিলে ইমান ধুনীয়া গোন্ধ এটা ওলাইছিল | তাৰপাছত কাপোৰবোৰ ধুইছিল ইমান ধুনীয়াকে চাফা হৈছিল | চাৰিওফালে ঢেঁকীৰ মাত চিৰা , হুৰুম, সান্দহ আৰু পিঠাগুৰিৰ বাবে যেন প্ৰতিযোগিতাহে হৈছে ঢেঁকীৰ মাতৰ |

             বিহুৰ বাবে প্ৰয়োজনীয় সকলো বস্তু  ঘৰতে আছিল মৰাপাটলৈকে | ককা আৰু দেউতাই গৰুৰ পঘাবোৰ বনাইছিল | চাটৰ বস্তুটো ঘৰৰে | উৰুকাৰ দিনা সকলোৱে মিলি এসাজ মাছ-মাংসৰে খাইছিলো | ৰাতিপুৱা সোনকালে উঠিছিলোঁ গৰু গা-ধোৱা চাবলৈ | দৰিকা নদীত গৰু গা ধুৱাইছিল আমি সৰুবোৰো লগতে গৈছিলোঁ | পানীত নমাই গা ধোৱা চাই বৰ ভাল লাগিছিল | ঘৰলৈ আহি আমি মাহ-হালধিৰে গা ধো‍ওঁ   | গৰুবিহু দিনা ৰাতি মায়ে জেতুকা খুন্দি হাতত বান্ধি দিছিল | জেতুকাৰ ৰং বেছিকৈ ধৰিবলে কি কি যে দিছিলো পাণ, ডালিমৰ আগ, কেহাৰাজৰ আগ, চেনি যিয়ে কৈছিল তাকে দিছিলোঁ | হাতত জেতুকা দি প্ৰথমতে কলপাত লেৰেলাই লৈ মেৰিয়াই দি তাৰ ওপৰত কাপোৰে মেৰিয়াই বান্ধি দিছিল | দুয়োখন হাত বান্ধি তেনেকৈয়ে ৰাতি শুই আছিলো ৰং নালাগিব বুলি খুলি দিয়া নাছিলোঁ | ৰাতিপুৱা উঠিয়েই হাতৰ বান্ধোন খুলিছিলোঁ | গোটেই ৰাতি বান্ধি থোৱা বাবে হোতোৰা পৰি গৈছিল প্ৰথম মেলিব‍ই নোৱাৰিছিলোঁ | কাপোৰে মোহাৰি লৈ মিঠাতেল সানি জুইত সেকি দিছিলো তেতিয়া ৰং গুচি নাযায় বোলে | লগৰবোৰতকৈ ৰং যাতে কাঢ়া হয় |

পাছত নতুন কাপোৰ পিন্ধি ওলাই গৈছিলোঁ | আবেলি লগৰ ছোৱালীবোৰ মিলি  ৰিহা-মেখেলা পিন্ধি জেং বিহু মাৰিছিলোঁ | গোটেই গাঁও বিহু মাৰি হ’লে প‍ইচাখিনিৰে ভোজ খাইছিলোঁ |  তেনেকুৱা সাজত লগৰীয়া লগত তোলা ফটো দুখনমান এতিয়াও আছে চাই ভাল লাগে | অলপ ডাঙৰ হোৱাৰ পাছত দাদাহঁতে হুঁচৰি গাইছিল আৰু আমি নাচনী হৈছিলোঁ | হুচৰি গালে কেতিয়াবা প‍ইচাৰ লগতে ৰুমালো দিছিল , ৰুমালবোৰ নাচনীক ভগাই দিছিল | তেতিয়াও শেষত সকলোৱে মিলি ভোজ খাইছিলো, কিমান যে ভাল লগা আছিল দিনবিলাক | এতিয়া গাঁৱত হুচৰি দেখিবলৈকে নাই |

                    লাহে লাহে সকলো সলনি হ’ল | আমি পুৰণা ঘৰৰ পৰা নতুন ঠাইলৈ উঠি আহিলোঁ | উৰুকাৰ আগদিনা দাদাই সকলো বস্তু বজাৰৰ পৰা আনে, কাৰণ এতিয়া বজাৰত সকলো পায়- দীঘলতি, মাখিয়তি, বেঙেনা,তিয়হ, কেতুৰী হালধি, তিতা কেৰেলা, থেকেৰা, গৰিয়া আলু, সকলো | দেউতাই পঘা আৰু চাটৰ মাৰি বনাই | গৰু বিহুৰ দিনা ৰাতিপুৱা দাদাৰ লগতে ময়ো উঠো | জাতিলাউ, বেঙেনা,তিয়হ, কেতুৰী হালধি, তিতা কেৰেলা, থেকেৰা,  মিঠা আলু, সকলো এখন কুলাত উলিয়াই ধুই গোল গোল কৈ কাটি যায় | তাৰপাছত চাটৰ মাৰিত এচকল এচকলকৈ ভৰাই গৈছিলোঁ | লাউ, হালধি, তিয়হ, তিতা কেৰেলা,  বেঙেনা,থেকেৰা নানাৰঙী চাটডাল  দেখিবলে ইমান ধুনীয়া হৈছিল | এদলীয়া,দুদলীয়া,তিনিদলীয়া, চাৰিদলীয়া আৰু পাঁচদলীয়া, মানে এডাল বাহৰ মাৰিতে পাঁচডাল শলা থাকে | এখন চালনীত চাটমাৰি বোৰ থৈ গৈছিলোঁ | মাঁ বা বাইদেউৱে মাহ হালধি আৰু জেতুকা পিচিছিল | দাদাৰ গৰুৰ গাত লগাই অলপ পাছত গা ধুৱাই দিছিল | এতিয়া আৰু নদীলৈ নাযায় পুখুৰীৰ পানী বাল্টিৰে আনি ধুৱাই দিয়ে আৰু চাটৰ মাৰি কাষৰ ঘৰৰ লগত জেওৰাৰে পাৰ কৰি সলাই লৈছিল |  

এতিয়াতো আৰু একোব চৰা গৰুক গা ধোৱাই টেংকীৰ পৰা পানীৰ পাইপ লগাই | গা ধোৱাৰ পাছত গৰুবোৰ এৰি দিছিল চৰিবলে | মাখিয়তীয়ে দাদাই ৰূমবোৰ কোবাই দিছিল মাখি নহয় বোলে | ধেমালিতে মোৰ গাটো কোবাই দিছিল আৰু ম‍ই চিঞৰিছিলো | এতিয়াও কেতিয়াবা বিহুত গ’লে এনেকুৱা কৰে আৰু ভতিজাটোৱেও গৰুক মাৰি মোৰ গালেও লাউ, বেঙেনা মাৰি লাউ খা বেঙনা খা দিনে দিনে বাঢ়ি যা  বুলি ধেমালি কৰে ম‍ইও তালৈ মাৰি ধেমালি কৰোঁ |

            আগতে মায়ে আবেলি নহৰু খুন্দি ঘৰৰ চাৰিওফালে চটিয়াই দিছিল সাপ নাহে বোলে | দেউতাই দুৱাৰ মূখত টিকনি বৰুৱা লগাই দিছিল আৰু নাহৰ পাতত মন্ত্ৰ লিখি থৈ দিছিল ধুমুহা নাহিবৰ বাবে | গৰুলৈ পিঠা বনাই কলপাতত সজাই থৈছিল আৰু দেউতাই জাক বনাই সন্ধ্যা লগাই দিছিল | আমি এশ এক বিধ শাক তুলিছিলো | সেইদিনা হেনো যিকোনো শাক খালেও একো নহয় |

            এতিয়া বিহুত সেই আনন্দবোৰ পোৱা নায়াও যদিও বহাগ বিহুৰ এক সুকীয়া অনুভৱে মনতো আনন্দিত কৰে; ঢোলৰ তালে তালে এপাক নাচিবৰ মন যায় |

                                                                             xxxxxxxxx